UBHOTI SUWA - ZUBEEN GARG | RAHUL GAUTAM SHARMA | Album : SILAA

preview_player
Показать описание
♬ AUDIO CREDITS ♬

Lyrics
Rahul Gautam Sharma

Composition & Vocal
Zubeen Garg

Music Production
Nilotpal Bora

Music Supervision
Zubeen Garg

Guitar
Writuraj Gogoi

Live Bass
Abhinov Bora

Flute
Bhaskar Jyoti Kalita

Recorded @ Studio Orange by Samuel Bora

Mix & Mastering @ Studio Audioholic by Diganta Bordoloi

VIDEO CREDITS :

Concept
Rahul Gautam Sharma

Video & Animation
Paper Thoughts

Creative Head
Khairul Bachar

Calligraphy
Rituparna Das

Producer
Zubeen Garg
Garima Saikia Garg

♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪

● FOR CALLER TUNES ●

Vodafone users dial - 53712194556
Idea users dial - 53712194556
Airtel users dial - 5432117564456
BSNL users dial - 12194556

#UbhotiSuwa#ZubeenGarg#RahulGautamSharma

MUSIC LABEL - DHWANI RECORDS

© 2020 DHWANI RECORDS

◆ FOR MORE UPDATES ◆

Рекомендации по теме
Комментарии
Автор

"তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা

ফুৰ্তিটো তই, বিষাদটো তই, ভিৰৰ মাজত তই, নিঃসংগতাত তই, সপোনত তই, দিঠকত তই, নিচাত তই, পুখুৰীৰ পাৰৰ চাং খনত তই, ধাননিৰ মাজত তই, তিনিআলিৰ মূৰত তই, পথাৰৰ মাজৰ পুলটোত তই, চিটিবাছ বোৰত তই, ৰেষ্টুৰেণ্ট বোৰত তই, ৰাস্তাৰ কাষৰ ৱাল কেইখনত তই, ভেলাঘৰৰ কাষত তই, নিশাৰ হোষ্টেল বোৰত তই, মোৰ আৱেগৰ বাঢ়নি পানীত তই।
মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ যৌৱনৰ দিনলিপি তই।তোৰ সুৰতেই নিজক বিচাৰি পাওঁ, তোৰ সুৰতেই নিজক হেৰুৱাও।পাখি লগা মনৰ মানুহ জনলৈ, গানৰ পথাৰ খনত শস্য সিঁচি কোনো দিনে ভাগি নপৰা মানুহ জনলৈ ওপজা দিনটোৰ বহুত শুভেচ্ছা যাচিলো, ভালে থাক দাদা।

তোক ভালপোৱাৰ হাজাৰটা অজুহাত❤️

pritomsanukaushik
Автор

হেজাৰ হেজাৰ গায়ক আহিব কিন্তু জুবিন গাৰ্গ সদায় শীর্ষত থাকিব। অসমীয়াৰ আবেগ তেওঁ। জয় জুবিন দা❤❤❤

parnapallab
Автор

ধুমুহাৰ হৈতে বহুযুগৰ পৰা যুঁজি কেতিয়াও ভাগৰি নপৰা মানুহ জনৰ ওপজা দিন ❤️
কি লিখিম আপোনাক লৈ ! আপুনি টো প্ৰত্যেক জন অসমীয়াৰ তেজত আছে, আৰু সদাই থাকিবই ❤️
অসমীয়াৰ হিয়াৰ আমঠু লুইতকণ্ঠ জুবিন দাদা লৈ ওপজা দিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।❤️❤️❤️


আকাশৰ দৰে বিশাল মন টো লৈ সদায়েই সুস্থ থাকক আপুনি 🙏🙏🙏❤️❤️❤️❤️


আপুনি মোৰ কাৰণে ভগৱান ৰ দৰেই❤️❤️




আৰু আপোনাৰ আহিব লগীয়া চিলা এলবাম টোৰ উভতি চোৱা লৈ আগ্ৰহেৰে বাট চালো ❤️❤️❤️❤️❤️


আপোনাৰ পৰা reply এটা পালেই জীৱন টো ধৈন্য আৰু 😍😍

realartifacts
Автор

কিমান আৰু বোজা লবা আমাৰ তুমি। কিমান আৰু আমাক নিচুকাবা। কিমান আৰু সুখ দিবা আমাক।
কিমান আৰু আমাৰ সুখ দুখৰ প্ৰতিনিধিত্ব কৰিবা। দুচকু সেমেকি যায় প্ৰতিবাৰেই।

NitulDoley
Автор

নবেম্বৰ মাহৰ ওঠৰ তাৰিখ । এনেকুৱা আজিৰ এই বিশেষ দিনটোতেই এদিন এই শিশুটিক ঈশ্বৰে আমাৰ ওচৰলৈ পঠিয়াই দিছিল ।তাৰ জন্মৰ উদ্দেশ্য আছিল মানুহক সমাজক এটা নতুন সাংগীতিক দিশেৰে লৈ যোৱা ।তাৰ সৰু সৰু কণমানি আঙুলি কেইটাই যেতিয়া বতাহত ভাহি থকা স্বৰবোৰ পখিলাৰ দৰে থাপ মাৰি ধৰিছিল তেতিয়া সেই ঈশ্বৰো আপ্লুত হৈছিল ।আশীৰ্বাদ বৰষিছিল তালৈ হেজাৰ হেজাৰ সোণালী সুৰৰ ।এদিন লৰাটো ডাঙৰ হল । তাৰ মনত পৰিল ঈশ্বৰৰ সেই দায়িত্বৰ কথা ।সংগীতেৰে মানুহৰ মন মগজু পৰিস্কাৰ কৰাৰ দায়িত্ব ।সি দায়িত্ব কান্ধ পাতি ললে ।জন্ম দিলে আনৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ নিজৰ বুলিবলৈ আৰু এখন সংগীত সাম্ৰাজ্যৰ । এন্ধাৰ বোৰ পোহৰ হল ।পোহৰ বোৰ আৰু পোহৰ বোৰ দিন আৰু

লৰাটোৱে কথা দিছিল এদিন সি ইউকেলিপ্টাছ হব, আকাশ চুব আৰু সচাঁকৈয়ে সেই জেদী লৰাটোৱে আকাশ চুলে ।সেই দেৱদুতৰ তানসেনী কণ্ঠত নদী আকাশ সাগৰ বাউলি হল ।ভৰিৰ তলিৰ ভুমি ধন্য হল ।বিতৰ্কও তাৰ প্ৰেমত পৰিল ।এতিয়া লৰাটো ডাঙৰ হল । মানুহ হল ।ঈশ্বৰৰ প্ৰিয় সেই শিশুটো আমাৰো প্ৰিয় হল ।এই শিশুটোৰ জনপ্ৰিয়তা দেখি আৰু বহুত শিশুৰ জন্ম হল ।জন্ম হল ফৰিঙঠেঙীয়া সপোন কিছুমানৰ ।সেই লৰাটোৱে প্ৰমাণ কৰি দেখুৱাই দিলে যে প্ৰতিভাৰ মৰণ নাই ।প্ৰতিভা থাকিলে সংগীত কৰি এই মুলুকতো স্বাছ্যন্দে চলিব পাৰি ।আনে যোৱা বাটেৰে নোযোৱাকৈ লৰাটোৱে এটি নিজৰ বাট উলিয়াই ললে ।সেই বাট আত্মবিশ্বাসৰ ।সেই বাট অদমনীয় কিছুমান হেপাঁহৰ ।যি বাটেৰে তেওঁৰ আঙুলিত ধৰি গৈ আছে এতিয়াও বহু শিশুৰ মিছিল বহু শিশুৰ সপোনৰ সমদল ।আকাশ চুব খোজা সূৰ্য্যমুখী এই যাত্ৰাত
মুখে মুখে এতিয়া ধ্বনি সিহঁতৰ

মই জুবিন গাৰ্গ
মই জুবিন গাৰ্গ
মই জুবিন গাৰ্গ হ'মেই

(মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজনলৈ একলমেৰে জন্মদিনৰ শুভকামনা জনালো )

Happy birthday
The zubeen garg🤗❤️❤️❤️

hirakjyotibaishya
Автор

মানুহ জনৰ যিমানেই বয়স বাঢ়ি গৈছে.. কণ্ঠটো সিমানেই মিঠা হৈ গৈ আছে ।।।

gautambaidya
Автор

যাৰ গান নুশুনাকৈয়ে লাইক কৰিব আঙুলি নকপে সেইজন জুবিন গাৰ্গ...টেপ ৰেকৰ্ডাৰৰ পৰা স্মাৰ্টফোনলৈকে একেই জনপ্ৰিয়তাৰ শীৰ্ষত থকাজনেই জুবিন গাৰ্গ...যাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰা মানুহজনেই জুবিন গাৰ্গ...ওপজা দিনটিত তেওঁক আমি একো দিব নোৱাৰিলেও তেওঁ তেওঁৰ সৃষ্টিৰাজি আমাক উপহাৰ দিছে...আমি আপোনাক বহুত ভাল পাওঁ দাদা...আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ দাদা...মোৰ আয়ুস খিনিও আপোনাৰ হওক...শুভ জন্মদিন, ❤️😘

rupjyotisvlogs
Автор

হনুমানে যেনে দৰে বুকু ফালি
অন্তৰত শ্ৰীৰাম ভগৱানক
দেখুৱাইছিল ঠিক তেনে দৰে জুবিন ফ্ৰেন ক্লাৱৰ অন্তৰত জুৱিন দাৰ ফটো জিলিকি আছে জিলিকি থাকিব | জোনেই যিয়েই কওঁক
মৰমৰ জুৱিন দাা ভাল পোৱা like কৰিবা

trofficial
Автор

Depression বুলি ক'লে মানুহে কেৱল Boyfriend Girlfriend ৰ মাজৰ Relationship ব্ৰেক হোৱাটোকে বুজে । আচলতে সকলোৰে ক্ষেত্ৰত একে নহয় । সকলোৱে Love Relationship ৰ বাবেই Depression নুভুগে ।
পৰিয়ালৰ চিন্তা, নিজৰ পঢ়াৰ চিন্তা, Career ৰ চিন্তা এইবোৰৰ বাবেও Depression ত ভোগে ।
সকলোৰে চিন্তা ভাবনা, অশান্তিৰ কাৰণ কেতিয়াও একে নহয় !
গতিকে এজন মানুহে দুখত থাকিলেই তেওঁৰ ৰিলেশ্বনশ্বিপ ব্ৰেক হোৱা বুলি বুজাটো বা কোৱাটো ভুল । তেওঁক এবাৰ শুধিটো চোৱা কিহৰ বাবে তেওঁ হীনমান্যতাত ভুগিব লগা হৈছে 🥀❤️

ashimtalukdar
Автор

কিয় ইমান আবেগ এই সুৰত,
কিয় ইমান প্ৰাণ এই কণ্ঠত।

চকু মুদি দিলেই বিছাৰি পাওঁ নেদেখা সৰগ।
হে প্ৰিয়জন কুশলে থাকক আপুনি, পাৰিলে দি দিলোঁহেতেন মোৰ আয়ুসৰ আধাখিনি।

priyabaruah
Автор

মুগ্ধ হিয়া মোৰ - তোমাৰ গানেই চুই যায় ❤️
মায়াবিনী ৰাতিৰ বুকুত- তোমাৰ গানেই ঝংকাৰিত কৰে হৃদয়💓
তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাও গুচি-গানৰ অৰ্থ নুবুজাৰ পৰাই তোমাৰ গানেৰে জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলো 💞
জুবিন গাৰ্গ মানেই যেন সাহস, সহায়, প্ৰেৰণা, সৃষ্টিশীলতাৰ আন এক নাম..
জুবিন গাৰ্গ এনে এটি অনুষ্ঠান যিয়ে প্ৰতিজন অসমীয়াৰ হৃদয়ত বাজে..জুবিন দাৰ কণ্ঠ সকলোৰে আত্মাত বাস কৰে., জুবিন গাৰ্গ মানেই সীমাহীন জনপ্ৰিয়তা, অকৃত্ৰিম অপৰিসীম ভালপোৱা💚💖
যাৰ এটা এটা আহ্বানত ৰাজপথত লাখ লাখ অনুৰাগী ভিৰ কৰে, যাক ৰজাঘৰীয়াই ভয় কৰে, অসমীয়াৰ প্ৰতিটো সুখ দূখত যাক ওচৰত পোৱা - তেওৱেই জুবিন দা ❤️😍
অসমীয়া সংগীত জগতৰ তুমি উজ্জল নক্ষত্ৰ 🤘 তুমিয়েই মোৰ ভগৱান 🙏তুমিয়েই মোৰ অনুপ্ৰেৰণা ❤️
তোমাৰ সৃষ্টিৰাজিৰ বাবেই নতুন প্ৰজন্মই অসমীয়া গীত শুনি ভাল পাই...
অসমীয়া জাতিৰ হিয়াৰ আমঠু, , যুব প্ৰজন্মৰ হাৰ্টথ্ৰব, অসমীয়াৰ আবেগ লুইতকণ্ঠ জুবিন দাদা লৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 🎂 🎈🎉..ভগৱানে সদায় তোমাক কুশলে, সুস্বাস্থ্যৰে ৰাখক..🙏..যুগ যুগলৈ তোমাৰ জয়যাত্ৰা অব্যাহত থাকক 💕
Happy Birthday Legend 💝💞

bhaskarkalita
Автор

জুবিন দা আপোনাৰ গানৰ কথাটো মই কবলৈ নযাওৱে । কিন্তু আপোনাৰ গান শুনি বলৈ আহি আপোনাক ভাল পোৱা শ্ৰোতাবোৰৰ মৰম আৰু হিয়া উজাৰি লিখা লিখনি বোৰ পঢ়িয়েই মোৰ চকুপানী ওলাই আহিছে। কিমান যে ভাল পাই আপোনাক দাদা কল্পনা কৰিব নোৱাৰো।আপুনি আমাৰ প্ৰান । আপোনাৰ গীতৰ মাজত নিজক হেৰুৱায় পেলাওঁ। কুশলে থাকক সদায়🙏🥰🥰😍😍❤️

kasturirajkonwar
Автор

*Ai Gaan 2 Jibilake ⭐️⭐️⭐️⭐️⭐️ (5 star) dibo bichare, , , Like kora*

SubrataNath
Автор

বেলেগ‌ গায়ক‌ৰ গানবোৰৰ views বেছি হব পাৰে কিন্তু গানত class বুলি এটা বস্তু থাকে আৰু ‌সেইটো বহু কম শিল্পীৰ গানত পোৱা যায় । আৰু তাৰে অন্যতম উদাহৰন‌ হল আপুনি ।
জুবিন দা
পাপন‌দা
শংকুৰজ কোঁৱৰ
এওলোকৰ গানৰ কোনো তুলনা‌ নাই ।

বাকী বিংগ তেৰে মেৰে
আজি স্কুল চুটি গৰম গৰম ৰুটি
এইবোৰ গান মই একেবাৰে পছন্দ নকৰোঁ ।।
ভাল গানৰ views কম থাকে কিন্তু চিৰযুগমীয়া হৈ যায় ।।
Happy birthday Goldie

Anonymous
Автор

কান্দি পেলালো। প্ৰায় ডেৰ বছৰ আগতে এটি গানৰ সামান্য অংশ "বেলি উৰি উৰি ঢলি পৰে"- এইখিনি শুনিছিলো। লগে লগে গানটোৰ প্ৰেমত পৰিছিলো আৰু সম্পূৰ্ণ গানটো শুনিবলৈ অস্থিৰ হৈ পৰিছিলো। প্ৰথমতে খৱৰ পালো গানটো "মা"-ত শুনিবলৈ পাম, (নাই নাপালো) তাৰ পিছত গম পালো কাঞ্চনজংঘাত শুনিবলৈ পাম, (নাই তাতো নাপালো)। তাৰ পিছত খৱৰ পালো জুবিন দাৰ পৰৱৰ্তী চিনেমা "বাঘ"তহে গানটো শুনিবলৈ পাম। গ'ল কথা গ'ল, আশা বাদেই দিছিলো। কেইমাহ মানৰ আগতে আকৌ জানিব পাৰিলো যে "চিলা" নামৰ এলবামটোত এই গানটো আহিব। প্ৰথমতে ভাৱিলো, এইবাৰো ৰামঠগন খাম, গানটো হৈয়েই নুঠিব কিজানি! কিন্তু নহয়, আজি ধৈৰ্য্যৰ অৱসান ঘটিল। ইমান দীঘলীয়া অপেক্ষাই আশা কৰাতকৈ অত্যাধিক মিঠা ফল দিলে। তদুপৰি ভিডিঅ'টো😑 তেওঁৰ গোটেই জীৱনটোৰ জীয়া ছবিখন🥺😷 অন্তত আজিৰ এই সময়খিনিৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। Finally এই মুহূৰ্তত মোৰ earphone-ত full sound-ত বাজি আছে "উভতি চোৱা" :)❤️‌

Manisha___
Автор

মন চুই গৈছে, ভাষাৰে বুজাব নোৱাৰা অনুভৱ থাকে সঁচাকৈয়ে।কথাবোৰে যেনেদৰে সাহস দিয়ে ঠিক তেনেদৰে গানবোৰে শান্তি দিয়ে। মহান ব্যক্তি জনৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আৰু ভক্তি আছে।❤️❤️❤️❤️❤️❤️

dhrubajyotidasnaturalworld
Автор

অাকাশচুম্বি সফলতাৰ পিচতো মাটিৰ মানুহ হৈ জীয়াই থকা জুবিন দালৈ ওপজা দিনৰ অলেখ শুভকমনা..তুমি দীৰ্ঘায়ু হোৱা, সদায় জিলিকি ৰোৱা উজ্বল নক্ষত্ৰ হৈ জনমানসত।।

nababikashbezboruah
Автор

শুভ জন্মদিন জুবিন দা💚❤💙সাধাৰণ সৈনিক এজনে দূৰণিৰ পৰা অযুত শুভ কামনা জনাইছোঁ, জুবিন দা💚❤💙🙏জুবিন দা ঐ__তোৰ গান শুনিয়েই ডাঙৰ হলো, বহুত সাহস পালোঁ__মৃত্যুৰ দিনাও, তোৰেই গান শুনিব বিচাৰিম_❤💙🙏💚নিসংগতা খিনি গানৰ কলিতেই শেষ কৰি দিওঁ_❤💙জুবিন দা কি কম_💚❤💙বহুত বহুত মৰম ❤❤💚💙🙏

ibankumarnath
Автор

চকু কেইটা সেমেকি উঠিল, গাৰ নোম বোৰ শিয়ঁৰি উঠিল, ইয়াতকৈ অনুভৱ একো থাকিব নোৱাৰে❤️❤️❤️

Gyanvani-nk
Автор

জুবিন দা আমি কল্পনা সাগৰত উটি ফুৰোঁ আপোনাৰ প্ৰতিটো গান শুনিলে।
তাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ গানৰ বাবে প্ৰতিজন শ্ৰোতাৰেই ইমান সুন্দৰ মন্তব্য বোৰ লিখা দেখিলে চকুলো ওলাই আহে।
আপুনি অমৰ হয় থাকক, কেতিয়াও যেন আপোনাৰ কাষলৈ মৃত্যুয়ে নাহে,
নহলে আমি আপোনাৰব অবিহনে আধৰুৱা হৈ ৰম

jaanbordoloi
visit shbcf.ru