Mur Bukur Pitai | Mayurpankhi Chetia | Manjyotsna Mahanta | Hopun Saikia | Assamese song 2022

preview_player
Показать описание
'মোৰ বুকুৰ পিতাই' এতিয়া আপোনালোকৰ!❤ দেউতাৰ ওপজা দিনত দেউতালৈ উপহাৰ হিচাপে তথা পৃথিৱীৰ প্ৰতিজন দেউতা,প্ৰতিগৰাকী জী আৰু গান ভাল পোৱা সমূহ শ্ৰোতালৈ 'মোৰ বুকুৰ পিতাই' আগবঢ়ালোঁ। শুনিব, শুনাব আৰু কেনে পালে আমাক জনাবলৈ নাপাহৰিব।

গীতটি আজিৰ পৰা প্ৰায় ২০ বছৰ পুৰণি। শ্ৰদ্ধাৰ শিল্পী মনজ্যোৎস্না মহন্ত মেমৰ শাহুআই ঁননীদেৱী গোস্বামী এনাইদেউৱে লিখা আৰু মনজ্যোৎস্না মহন্ত মেমে সুৰ কৰা এই আদৰৰ গীতটোক আপোনালোকৰ আগত পৰিবেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে মনজ্যোৎস্না মহন্ত মেমৰ ওচৰত আমি চিৰকৃতজ্ঞ। ❤

Song : Mur Bukur Pitai
Singer : Mayurpankhi Chetia
Composer : Manjyotsna mahanta
Lyrics : Nani devi Goswami
Music : Hopun Saikia
Bass : Abhinav Bora
Mixed & Mastered by : Koustav Saikia
Chorus : Dhanashree Roy,Kakoli
Uruli : Hoimonti Saikia
Music Arranged , Produced & Programmed by : Hopun Saikia
Recorded by : Ikramuddin Lochoor @A2 Studio ,Mumbai
Hirok @ Studio Blue Raga,Guwahati

Poster art - Hem ch (Zantu)
Font Design : Samujjal Saikia
Animation : Diganta Rowmuria
Special Thanks : Rahul dey das , Arkadeep Karmakar , Himanshu Chutia Saikia ,Daulat

Lyrics-
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
সৰুৰ পৰা তুলি-তালি কৰিলি ডাঙৰ
আদৌ বুলি মাত মোক কিমান চেনেহৰ

চোলা আন চাপ দিয়া ফুটুকা ফুটুকী
জেলেপতে ভৰাই আন ৰঙা চেনীগুটি
চুচি মালতীৰে টেমা গোন্ধ তেলৰ চিচা
খেজেনা দিবলে গ'লে আন জিলাৰ পৰা
পাৰিবিনে চিঙিবলে জৰী মৰমৰ

মোলৈ হেনো চাইছ তই মেলেটেৰী দৰা
গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা
কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি
নেদেখিলে পিতাই তোক থাকিম কেনেকৰি

#assamesesong #assamesesong2022 #newassamesesong #murbukurpitai
Рекомендации по теме
Комментарии
Автор

Thank you so much everyone for showing so much love to the song .. keep listening #murbukurpitai

hopunsaikia
Автор

এই গীতত অসমীয়া সমাজ জীৱনৰ আবেগ অনুভুতি আৰু সৰলতা পবিত্ৰতা সুন্দৰ ভাবে প্ৰতিফলিত হোৱাৰ লগতে সুন্দৰ কণ্ঠই হৃদয় স্পৰ্শ কৰিলে।

devadiganta
Автор

"মোৰ বুকুৰ পিতাই অ'
তই হেনো ওলাইছ মোক বিয়া দিবলৈ"
Ufff....যিমান বাৰ শুনিছো শাৰী দুটা প্ৰতি বাৰে বুকু খন বিষায়।ভাবিলেই ভয় লাগে চোন সেই দিনতোৰ কথা

indranisarmah
Автор

সুন্দৰ, , , 💔যদিও মই লৰা, , তথাপিও বুকু বিষাই যায়, এনেকুৱা গান শুনিলে, , , 💔গানেৰে ছোৱালীৰ জীৱন এটা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে, আপোনাক ধন্যবাদ💔💔💔

debajitrock
Автор

ময়ূৰ, তোমাৰ কণ্ঠৰ পৰা নিগৰি ওলোৱা গীতটিয়ে বহুতকে কন্দোৱাইছে আৰু কন্দোৱাব ।তাৰে প্ৰমাণ আমাৰ ইয়াত বিয়া এখনত দেখা পালো । গাওঁ সমাজলৈ উপহাৰ দিলা ।বহুত ধন্যবাদ ও আৰ্শীবাদ নিবেদিলো ।

SaratRajkhowa-lr
Автор

কি যে মধুৰ কন্ঠৰ তাতে আকৌ ইমান ধুনীয়া সংগীত, ❤ প্ৰতি জনী ছোৱালীৰ জীৱনৰ লগত তুলনা কৰিবৰ পৰা এটি অতি হেঁপাহ ৰ আৰু মৰমৰ দেউতাৰ লগত কটোৱা মধুৰ মূহুতৰ বোৰৰ কথা প্ৰকাশ পাইছে ❤❤❤

PahiPhukan-zlzs
Автор

এইবোৰ হে‌ গান❤❤❤😢

আজি কালি গান বোৰত কি কি যে শব্দ

DayWithParismita
Автор

দেতা 😧😧 মোৰ গোটেই আয়ুস লাগি যাওক তোমাৰ। মোৰ জীৱনৰ সকলোতকৈ বেছি প্রিয় মানুহজন তুমি

panktineog
Автор

Ufff. ki gaan❤❤. Mur 5 bosoriya swali ajoni ase taiu buji pai. Gan tu logale tai bor dukh kore😊

depankargogoi-uc
Автор

Deuta maa ❤❤😘😘😘😘😘 ভগৱান সদায় ভালে ৰাখিব প্রভু।🙏🙏🙏

daisysaikia
Автор

Ki je kom eman dhuniya lagise gaan Tu deutar kotha koboloi bhaxa nai teu Tu mur kolijar tukura❤❤

kamaljyotidas
Автор

ইমান সুন্দৰ কণ্ঠৰে সৈতে গানটো বহুত ধুনীয়া কৈ উপস্থাপন কৰিছে বহুত বহুত ধুনীয়া লাগিল বাইদেউ।

DkVlogswithDipankar
Автор

বৰ সুন্দৰ হৈছে গীতটো, বুকু ভৰি গ'ল ❤️❤️😘😘 বহুত বাৰ শুনিলোঁ একেৰাহে...

GitanjaliKalita-mk
Автор

গীতটো শুনি বৰ ভাল লাগিল। দেউতাকৰ যি নিভাজ মৰমৰ গীতটো ফুটি উঠিছে।অন্তৰ চুই গৈছে।ভাষা নাই ❤❤❤

abhijitsaikia
Автор

গান টো শুনি শৈশৱ লৈ মনত পৰি গ'ল। সৰু তে আমাক দেউতাই বিহুত পিন্ধিবলৈ ফ্ৰক আনি দিছিল।দেউতাই যি ক্ৰিম আনি দিয়ে সেইটোৱেই মুখত সানিছিলো। বহুত ভাল পাওঁ দেউতাক।

Gaming.sortss
Автор

বৰ ধুনীয়া গীত। চকুপানী ওলাই গ'ল। চহা সমাজৰ শব্দ উচ্চাৰণে আৰু সুন্দৰ কৰিছে। আদৌ, জেলেপতে, মেলেটেৰী, খেজেনা ....বৰ ভাল লাগিল।

ruplekhagohain
Автор

ময়ূৰপংখী!!! ভাষা নাই, ধন্যবাদ দিবলৈ। Insta, reel ৰ কৃত্ৰিমতাভৰা একঘেয়ামী পেনেপেননিবোৰৰ ধামখুমীয়াৰ মাজত কি যে এটা অকৃত্ৰিম পুৰণি পুৰণি গোন্ধ থকা গান! তোমাক লৈ আকৌ এবাৰ গৌৰৱ কৰিছো, সদায়ৰ দৰেই! সকলো অসমীয়া Women musician ৰ মাজত এনেকৈয়েই একক আৰু ব্যতিক্ৰম হৈ ৰোৱা। 🌿💚💚💚

drkalyanirajkumari
Автор

Baki bad bhte Mojja lgise ❤❤❤❤ gan to vl lga bure like kra sun

kamaldas
Автор

মন্তৰ চুই গৈছে🥺 প্ৰত্যেক গৰাকী ছোৱালীয়ে ভাল পাব শুনি ❣️

axomiyasuwalijusmi
Автор

Aiii gan tu xuna r pist prottek jni suwali r sakupani ulbo🥺❤
Xosai Bhut dhunia gan tu ❤

Susmitabora