Bishrut Saikia - Aaita (Official Audio)

preview_player
Показать описание
'Aaita' from Bishrut Saikia's new album 'Promaan'.

Written and composed by Bishrut Saikia.

Produced by Bishrut Saikia and Sumit Baruah.
Recorded at The Soundzone Studio, Guwahati.
Arranged by Sumit Baruah.

Vocals: Bishrut Saikia
Acoustic guitar: Bishrut Saikia
Mandolin/Guitars: Sumit Baruah
Keys/Melodica: Rakesh Baro
Bass: Mrinal Talukdar
Drums: Nilarnab Sharma

Recording Engineer: Sumit Baruah
Asst. Recording Engineer: Uddipta Sarma
Mix Engineer: Sumit Baruah
Mastering Engineer: Sumit Baruah

Cover concept/photography: Preetishna Dutta and Bhargav Changmai

Special thanks to Don Dingle Gohain.

Next up: Moromor Buli Kom ft. Deeplina Deka
Рекомендации по теме
Комментарии
Автор

ঘূৰি চালেই দেখা পাওঁ মই আইতাৰ সেই কোঠালী,
কোঠালী পোহৰাই তোলা আইতাৰ সেই হাঁহিটি।
শৰৎ আহিবি এইবেলি,
আইতাৰ সতে জিৰাবি,
শেৱালি সৰিলে জনাবি,
এপাহি বুটলিম,
আইতাৰ খোপাতে গুজিম।।

BishrutSaikia
Автор

বিশ্ৰুত, তোমাৰ কিছুমান গানত হয়তো views কম হ'ব পাৰে । কিন্তু গানবোৰ একেবাৰে শুদ্ধ মানুহৰ কাণত পৰিছে❤ । সকলোৱে ইমান অৰ্থপূৰ্ণ গান শুনিব নোৱাৰে । আগবাঢ়ি যোৱা ।

monmothbhuyan
Автор

আইতালৈ আজি বৰকৈ মনত পৰিছে, শেষ বাৰৰ বাবে তেওঁক চাব নোৱাৰাৰ দুখটোৱে আজিও কৰবাত বুকু খনৰ কোনোবা এটা কোণত খোচ মাৰি ধৰে😔😢💔

anonymousnerdguy
Автор

01/01/2024
গানটো মুক্তি পাবৰ দিনাই মোৰ আইতাই ইহলীলা সম্বৰণ কৰিছিল 😢।
ধন্যবাদ বিশ্ৰুত, এই গীতটোতে আইতাক বিচাৰি পাম সদায় ❤❤

Methophile_
Автор

আজিৰ দিনটোতে আইতা আমাৰ মাজৰ পৰা আতৰি গৈছিল কেতিয়াও উভতি নহাৰ বাটেৰে আৰু আজিৰ দিনটোতে বিশ্ৰুতৰ নতুন গীত 'আইতা' ❤😢

janardangogoi
Автор

Notification অহাৰ লগে লগে গান তো শুনি শুনি download কৰি লোৱা মজাই বেলেগ❤

AmarjyotiBoruah
Автор

মালৈ বৰ মনত পেলাই দিলা টুকটুক আজিৰ বিশেষ দিনটোত।এনেদৰে স্মৰণীয় কৰি ৰখাৰ বাবে বহুত বহুত ধন্যবাদ। ইংৰাজী নতুন বছৰৰ প্ৰতি টো দিনতেই তুমি ভবাৰ‌ দৰে‌ আগবাঢ়ি যাব পাৰা‌ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

anupomaborah
Автор

Early 90's Jitul Sonowal dar gaanot anekua vibes asil. Teur gaan bur hai homoit koi beleg asil. Rakesh dar bass was cherry on top.. Tar pasot bihu xuriya adhunik geetor era ahil jar karone alap axomiya gaanor pora lahe lahe atoribo dhorisilu. Beya buli nokou kintu moi bor ke bhal napaisilu. Tar pasot Zubeen daar gaan bur, honestly koisu Jontro album loike bohut bhal paisilu. Tar pasot Angaraag Mahanta dar Junaki Raati was a Milestone. And then Dhritiman Deori da. Aru bortomaanor kisuman artist. Taar bhitarat ajon tumi. Jaar gaan huni agote gaan huni juntu amej paisilu haitu amej bisari pao. Every artist is beautiful and among those some create wonders like these. Thank you for the lovely songs.

abinashmazumdar
Автор

ফাগুন আহিবি এইবেলি,
আইতাৰ পদূলি সাৰিবি♥️

নৱবৰ্ষৰ ন উপহাৰ.. সদায় বিশেষ 🤍

sayanikalahan
Автор

আইতা ৰ লগত নামঘৰলৈ যোৱা সময়বোৰ মনত পৰি গ'ল, আইতা ৰ সাধুবোৰক পাহৰিব নোৱাৰিম ❤

popidas
Автор

সৰু সৰু কথাবোৰ অনুভৱ কৰিব পৰা মানুহজন হৈ থাকক আপুনি❤️অনুভূতিবোৰক জীয়াই ৰাখক আপোনাৰ গানৰ মাজেৰে🌻মৰম, সাহস, বিশ্বাস সকলোবোৰ ইয়াতেই পাওঁ, সদায়েই।

Hitakshi
Автор

ঘূৰি চালেই দেখা পাওঁ মই আইতাৰ সেই কোঠালী,
কোঠালী পোহৰাই তোলা আইতাৰ সেই হাঁহিটি।
আইতা মানেই অজস্ৰ মৰম - চেনেহৰ এনাজৰী, আইতাৰ মৰম সুকীয়া ❤ ভাল লাগিল আপোনাৰ গীতটিৰ জৰিয়তে নতুন বছৰৰ
নতুন পুৱাটো আইতাক সুৱৰি, ঘূৰি গ'লো আকৌ এবাৰ আইতাৰ লগত পাৰকৰা সেইদিনবোৰলৈ।
ভগৱানে ভালে ৰাখক পৃথিৱীৰ প্ৰত্যেক গৰাকী আইতাক❤

DaijiGogoi
Автор

শৈশৱ আৰু আইতা এই দুটি শব্দ বুজাব নোৱাৰা। গীতটিয়ে আকৌ প্ৰিয় সময়বোৰ সোৱঁৰাই দিলে ৷ নতুন বছৰটিত নতুন উদ্যমেৰে আগুৱাই যোৱা, শুভেচছা জনালোঁ ৷

banashrigogoi
Автор

আমাৰ ঘৰতো শেৱালী আছে। শৰত আহিলেই সদাই পুৱাই উঠি আইতাই শেৱালী ফুল বুটলে, সৰুতে আমিও লগত বুটলিছিলো। আপোনাৰ গানত সঁচাকৈ লৰালি বিচাৰি পাওঁ May God bless you

rcreation
Автор

হেৰাই যাব ধৰা আমাৰ অসমীয়া সহজ-সৰল সাধাৰণ শব্দবোৰ তোমাৰ গীতৰ জৰিয়তে যি মালা গাঁঠিছা, সেইয়া আমাৰ বাবে এক অনন্য ক'তো বিচাৰি নোপোৱা তোমাৰ এই সহজ-সৰল ভাবৰ গীতবোৰ মোৰ সদায়েই প্ৰিয় ❤️

debakshichutia
Автор

মোৰ আইতা ৰ অসুখ, গানটো শুনি চকুলো বৈ আহিল, .

banasridas
Автор

When Bishrut Da said

GHURI SALEI DEKHA PAU HEI
POTHAROR DHEMALI

he enriched our childhood in the best way one can 💌

Oricorio-vptu
Автор

Honestly today, I am actually out of words. You reminded us of some very precious moments but sadly we didn't know that at that time those moments will be memories for us today. We all have our own precious stories with Aaita, thanks for sharing us your story. We connected with it and we loved it. Happy to start 2024 with this. Happy New Year everyone 🎊💗

praptipujari
Автор

প্ৰতিটো গীতৰ দৰে এইগীতটিয়েও মানুহক নিৰাশ নাই কৰা❤❤❤

Abongohain
Автор

সময় কাৰ বাবে ৰয়
সময়ে কি সাঁচি থয়
অতীতত যদি এৰিব পাৰি
এৰি দে মোৰ বাবে সময়...✨



বিচাৰোঁ মাথোঁ ইমানে জানো
ভালে থাক, , , ভালে আছোঁ মই🧿❤️

manokhipatiri
visit shbcf.ru