Sekuri Sekuri | Priyanka Kalita & Neel Akash | Joy Nirvan | Chinmoy Kaushik | New Assamese Song 2020

preview_player
Показать описание
Milijuli Production Presents
Song : Sekuri Sekuri
Singer : Priyanka Kalita & Neel Akash
Humming Voice : Joy Nirvan
Music : Palash Gogoi
Mix/Mastered : Palash Gogoi
Lyrics/Tune : Chinmoy Kaushik & Joy Nirvan
Lyrical Video : Biman Baruh Axomiya (Studio Maa Movie)

Special thanks:
Ujjal Phukan & Hemashree Phukan(dada bou)
Moni Saikia
Maa Papa
Bhonti
Anuradha page
Subaas page
ৰোমাঞ্চকৰ এটি অধ্যায়
Debojyoti
Junaak Milon
Debu Graphics, ...
Ananta Borah

@Copyright reserved Don't Upload illegally

♪ Stream and Download ♪:

∆Jiosaavn

∆Wynk Music

Lyrics:-

তিতিকি তিতা মাত
শুনিলে গুচে ভোক
কিয়নো মিছাতে
খং কৰি আছা মোক
কোমলকৈ কলিজাত
শোকে খুন্দা মাৰে
গুজিবলৈ মূৰটি
দুবাহু বিচাৰে
চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম

মোৰ জান ঐ
মোৰ জান ঐ
জান ঐ

তোমাৰ কপালতে
আকিলোঁ এটি জোন
ৰাখিম তোমাক কাষতে
তুমিয়েই মোৰ সোণ
ৰ'দ বৰষুণ
পৰিলে তোমাৰ গাত
তোমাক সাবটি ল'ম
হিয়া পৰিব শাঁত

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম

পৰি গ'লে ধৰিবা
মৰম অকণ কৰিবা
এনেয়ে নকৰিবাচোন অভিমান
কাষে চাপি আহিছোঁ
চকুলে চাই হাঁহিছোঁ
দিয়া এষাৰি মাত জান ঐ জান

হেঁপাহ মোৰ নপলাই
দুচকু ভৰি চাম
তুমি হাঁহি দিলেই
মৰিও জী উঠি যাম
জীৱনৰ সন্ধিয়াত
সাৰথি তোমাৰ হ'ম
কোলাতে মূৰটি থৈ
মই জীৰণী ল'ম

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম

#Neel_Akash#Priyanka_Kalita#Dhwanimusic#Sekuri_Sekuri_Tumar_Kakhorole_jam#Tumar_Kopalote_Akilu_Eti_Jun
Рекомендации по теме
Комментарии
Автор

"তোমাৰ কপালতে আঁকিলো এটি জুন ৰাখিম তোমাক কাষতে তুমিয়ে মোৰ সোণ" উফ হৃদয় চুই গৈছে বাৰে বাৰে শুনিলেও আমনি নালাগে 💖💖💕💕

chayanikabhuyan
Автор

ইমান ধুনীয়া গান টো শুনিলে কিবা এটা ভাল লাগি যায়

debasishlahon
Автор

বহুত দিনৰ আশা কৰি কৰি আজি সম্পুৰ্ন হব। ট্ৰেইলাৰটো এতিয়ালৈকে ১০০বাৰ মান শুনিলো, love you neel da.
নীল দাৰ বাবে এটা হিট লাইক

DiprajTube
Автор

Chinmoy Koushik aru joy nirvan da romantic gan r ustaad..wah lyrics, wah composition ❤️
Aru rex dai o music dhuniya kore❣️

manashkalita
Автор

অবশেষ ত অপেক্ষাৰ অন্ত পৰিল । সুন্দৰ নীল দা❤️

npkentertainment
Автор

বহুত ধুনীয়া গান❤❤সৈনিক হৃদয় খন জুৰাই গল__❤❤পিছে, গাৰ্লফেন্ড্ৰ এজনী হে আজিলৈকে নাপালোঁ_😒😒

ibankumarnath
Автор

হে ভগবান! গানটো ইমান যে ভাল লাগিলে ... এই একেটাই গানকে ৪ ঘন্টা পৰ্য্যন্ত শুনি আছিলো 😘😘😘😘😘

amitrabha
Автор

বহুত দিনৰ অপেক্ষাৰ অন্তত আজি সম্পূর্ণ শুনিব পালো বহুত ভাল লাগিল ❤️

priya
Автор

ইমান সুন্দৰ অ । কোনে কোনে অপেক্ষাত আছিলা লাইক কৰা !

pranjitporakhmusical
Автор

সকলোতকৈ শান্ত আৰু নম্ৰ গায়ক জন নীল,
মোৰ মৰুভূমিৰ হৃদয়ত যেন এটা শীতল বিল !

rjstudio-wedding-special
Автор

গানটি যিমানেই শুনো আকৌ শুনিবলৈয়ে মন যায়। নীল দা আমি আছো আপোনাৰ লগত আৰু আগুৱাই যোৱা। ❤❤।

karishmakalita
Автор

এই গীতটিৰ বাবে বহুত অপেক্ষা কৰি আছিলোঁ😍😍অৱশেষত আজি সেই আশা পূৰণ হল❤️❤️বহুত ভাল লাগিছে নীল দা❤️❤️
love you brother❤️❤️

primon__papon
Автор

প্রথমতেই কৈছোঁ...কথা ইমান সুন্দৰ সুৰ, সংগীত👌👌এনেদৰেই আগুৱাই যাওক❤❤❤

parishmitasaikiamusical
Автор

অৱশেষত গানটো আহি গল ।কোনে কোনে কমেন্ট পঢ়ি গান শুনি আছা লাইক কৰা 😘😘😘😘

debosmitaofficial
Автор

কিমান দিনৰ মূৰত যে গানটো সম্পূৰ্ণ শুনা পাইছোঁ। chinmoye আৰু ভাল ভাল গান দি যাবা।

kasturimoniphukan
Автор

Chinmoy kaushik ND Joy nirvan r krne ETA like❤️❤️❤️❤️❤️❤️

streetdog
Автор

Neel Akash, Joy Nirvan, Palash Gogoi, what a combination!

Drax
Автор

বহু আশা কৰাৰ পাছত গানটো...অৱশেত আমাৰ মাজলৈ আগবঢ়াই দিয়া বাবে

neelkantha
Автор

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম___💕
ফেকুৰি ফেকুৰি মৰম বিচাৰিলে পাম___💕
মৰম লগা

Assamx
Автор

"তোমাৰ কপালতে আঁকিলো এটি জোন,
ৰাখিম তোমাক কাষতে তুমিয়েই মোৰ সোন।" (শুনিলেই পাগল হৈ যাওঁ)
বহুৰ অপেক্ষাৰ অন্তত🤗
বহুত বহুত বেছি ভাল লাগিল।
❣️💜❣️

Lakhya_Prajil